যোৰহাটত ৰঙালাও খেতিয়কৰ হাহাকাৰ

 06/25/2019 - 19:12

যোৰহাট: শিক্ষিত নিবনুৱাই চাকৰিৰ আশা বাদ দি খেতি কৰিয়েই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে যদিও বিভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া ৰঙালাওৰ উপযুক্ত দামৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে খেতিয়ক সকলে। উল্লেখ্য যে যোৰহাট ককিলামুখৰ প্ৰফুল্ল দত্ত নামৰ এজন কৃষকে এইবাৰ ছয় বিঘা মাটিত ৰঙালাও খেতি কৰি ছয় হাজাৰতকৈ অধিক ৰঙালাও উৎপাদন কৰিছিল যদিও উপযুক্ত দামৰ অভাৱত এতিয়া বিপদৰ সন্মুখীন হৈছে।

প্ৰফুল্ল দত্তই বৰ্তমান ৰঙালাওসমূহ ঘৰতে দমাই থৈছে। ঘৰৰ পৰাই পানীৰ দৰত এই ৰঙালাও বিক্ৰী কৰি যি পাই তাৰেই পৰিয়াল পোহপাল দি আছে। অন্যহাতে এই ক্ষেত্ৰত খেতিয়কসকলক সহায় কৰিবলৈ কৃষি বিভাগ এতিয়াও আগবাঢ়ি অহা নাই বুলি অভিযোগ উত্থাপন হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।