যোৰহাট বাছ আস্থানত বৃহৎ বৃহৎ গাঁত: দুৰ্ভোগ ভুগিছে পথচাৰীয়ে

 06/25/2019 - 19:27

যোৰহাট: মৃত্যু ঘণ্টা বাজিছে যোৰহাটৰ গড়কাপ্তানী বিভাগত৷ বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজে৷ সম্পূৰ্ণ নিজা খেয়াল খুচি মতে বিভাগ চলাই থকাৰ ফলত এতিয়া যমৰ যন্ত্ৰণা ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে৷ বাছ আস্থানটোৰ বৃহৎ বৃহৎ গাঁতবোৰ এতিয়া পথচাৰীৰ বাবে হৈ পৰিছে এতিয়া মৰণফাণ্ড।

উল্লেখযোগ্য যে এই বাছ আস্থানটোৰ পৰা দৈনিক শ শ যাত্ৰী দুৰণিবটীয়া ঠাইলৈ অহা যোৱা কৰে যদিও ইয়াৰ উন্নয়নৰ ব্যৱস্থা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগ আৰু বিভাগীয় মন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।