তেজপুৰত ৫০০০ লিটাৰ চুলাই জব্দ, আটক ৫ জন যুৱক

 03/16/2019 - 17:48

তেজপুৰঃ চুলাই মদে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে চুলাই মদৰ অবৈধ বেহা।

এতিয়াও অব্যাহত আছে কেইদিনমানৰ পূৰ্বে গোলাঘাট, যোৰহাটত চুলাই খাই প্ৰায় দুই শতাধিক লোকৰ প্ৰাণ লোৱাৰ পিছতো কোনো প্ৰভাৱেই পৰা নাই তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলত৷

তেজপুৰৰ ঘগৰা আৰু নপাম চাহ বাগিচা এলেকাত শনিবাৰে তেজপুৰৰ দিনদুপৰতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱা হয়৷ পিছে কোনা আৱকাৰী বিভাগৰ কৰ্মীয়ে চলোৱা নাই এই অভিযান৷

বেবেজিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বত হাতে হাতে লাঠি লৈ চুলাই অভিযানত নামিল আৰক্ষী বাহিনী৷ এই তালাচী অভিযানত ৫ গৰাকী যুৱকক কৰায়ত্ব কৰাৰ লগতে ৫০০০ লিটাৰ চুলাই জব্দ কৰা হয়। এই অঞ্চলত যাতে চুলাইৰ প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ হয় তাৰ বাবে আৰক্ষীয়ে পহৰা দিয়াৰ লগতে তালাচী অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।