দৰঙৰ দলগাঁৱত তীৰ, জোৱাৰ ৰমৰমীয়া বেহা

 06/25/2019 - 19:33

দলগাঁও: প্ৰতিবাদৰ পিছত প্ৰতিবাদ, বাতৰিৰ পিছত বাতৰি। কিন্ত গা নল'ৰে আৰক্ষী প্ৰশাসনৰ।এই অভিযোগ দৰং জিলাৰ ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ। দৰঙত দলগাঁৱত এতিয়াও খোলা বজাৰত চলে তীৰ, জুৱাৰ ৰমৰমীয়া বেহা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি অসাধু চক্ৰৰ।

যি সময়ত আমছুকে ধৰি একাংশ দল সংগঠনে গোটেই অসমজুৰি এনে অসামাজিক কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এনে অসামাজিক কাৰ্য ৰোধ কৰাৰ চেষ্টা চলাইছিল সেই সময়তে দৰঙত চলি থকা এনে অসামাজিক কাৰ্য আৰু অসাধু চক্রৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।