বঙাইগাঁৱত নাও আবদ্ধ

 06/25/2019 - 19:49

মাণিকপুৰ: বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীৰ মাজত প্ৰায় ২ ঘণ্টা সময় ধৰি আৱদ্ধ হৈ থাকিবলগা হয় ভুটভুটি নাৱত থকা ৩০-৩৫ জন যাত্ৰী। বাঢ়নী পানীৰ কোবাল সোঁতৰ বাবে অগা-পিছা কৰিব পৰা নাই নাওখন। প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত নদীৰ পূব পাৰে আহিবলৈ সক্ষম হয় ভুটভুটি নাওখন। আনকি সৃজনগ্ৰাম, অভয়াপুৰী আৰু বঙাইগাঁৱলৈ যাবলগীয়া বহুলোকে তিনি চাৰি ঘণ্টা ৰখি থাকি বহুলোক ঘৰমুৱা হ'বলগীয়া হৈছে।

৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলং সম্পূৰ্ণ হোৱাৰ পিছত দুয়োপাৰে বান্ধ নথকাৰ বাবে প্ৰায় লক্ষাধিক লোকে এনেদৰে বিপদ সংকুলভাৱে নিতৌ ভুটভুটি নাৱেৰে যাতায়ত কৰিবলগীয়া হয়। আনহাতে সমষ্টিখনৰ টেণ্টনপুৰ, কাছাৰপেটী, হালধীবাৰী, বাশবাৰী, সাজালপাৰা, দেউটাৰী আদি কৰি প্ৰায় দহখন গাঁও বাঢ়নী পানীৰ ফলত জলমগ্ন হোৱাত যোগাযোগ সম্পূৰ্ণ বিছিন্ন হৈছে।

সেয়ে সকলোৱে দলঙৰ দুয়োপাৰে বান্ধিবলৈ আৰু বানপানীত আক্ৰান্ত লোকসকলৰ বুজলৈ বিশেষ ব্যৱস্থা ল'বৰ বাবে চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।