শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত: অংশগ্ৰহণ কৰিব সৰ্বানন্দ সোণোৱালে

 06/25/2019 - 19:59

শিৱসাগৰ: ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী স্বাক্ষৰ বহন কৰা ঐতিহ্যমণ্ডিত শিৱসাগৰত সত্তৰ দশকতে বাণিজ্য শিক্ষাৰ বাবে সুকীয়া শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি শিৱসাগৰৰ কেইগৰাকীমান সমাজ হিতৈষী ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠিছিল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়। উজনি অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হিচাপে মহাবিদ্যালয়খনে ইতিমধ্যে সোণালী জয়ন্তীৰ ডেওনা অতিক্ৰম কৰিছে। উল্লেখ্য যে সুদীৰ্ঘ ৫০ বছৰজুৰি বাণিজ্য শিক্ষাৰ প্ৰসাৰ, সংবৰ্ধনৰ লগত জড়িত মহাবিদ্যালয়খনে পৰিৱৰ্তিত আৰ্থ-সামাজিক পৰিবেশৰ লগত সংগতি ৰাখি তথ্য প্ৰযুক্তিৰ পাঠ্যক্ৰম, দক্ষতা কেন্দ্ৰিক পাঠ্যক্ৰম আৰু কলা শাখাৰ সংযোজনেৰে মানৱ সম্পদ গঢ়াত ব্ৰতী হৈছে।

ইতিমধ্যে সোণালী জয়ন্তীৰ ডেওনা অতিক্ৰম কৰা মহাবিদ্যালয়খনে বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অহা ৩০ জুন আৰু ১ জুলাইত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সামৰণি অনুষ্ঠান সম্পৰ্কে আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন সমিতিয়ে আয়োজন কৰা এক সংবাদমেলত উদযাপন সমিতিৰ সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই দুয়ো দিনৰ কাৰ্যসূচীৰ বক্তৃতা অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৫ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ভাগ লোৱাৰ লগতে মুকলি সভাত ড° নগেন শইকীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও শিক্ষাবিদ আৰু ৰাজনীতিবিদে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে ৩০ জুনৰ আবেলি ২ বজাৰ পৰা আৰম্ভ হ'ব লগা আন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰাক্তন ছাত্ৰ সন্মিলনে। য'ত একত্ৰিত হ'ব মহাবিদ্যালয়খনিৰ ৫০ বছৰীয়া ইতিহাসৰ স্বাক্ষৰ বহন কৰা ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন শিক্ষাৰ্থীসকল। প্ৰাক্তন শিক্ষাৰ্থীৰ এই বৰ্ণিল অনুষ্ঠানটি উদ্ধোধন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° সোমেশ্বৰ কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।