সংখ্যালঘূ লোকক এনআৰচিৰ পৰা বাদ পেলোৱাত চলিছে এক গভীৰ ষড়যন্ত্ৰঃ ইত্তেহাদ ফ্ৰন্ট

 06/26/2019 - 13:16

দলগাঁওঃ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত NRC কাম চলি আছে। এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে পূৰ্বৰে পৰা সহযোগ কৰি অহাৰ লগতে আশা কৰিছিল যে বিদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত চলি অহা হাৰাশাস্তিৰ অন্ত পৰিব। কিন্তু NRCৰ কামৰ শেষৰ পিনে দেখা গৈছে বিভিন্ন পন্থাৰে সংখ্যালঘু লোকক NRCৰ পৰা বাদ পেলোৱাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে। অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰীৰ প্ৰৰোচনামূলক মন্তব্যৰ ফলত লাখ লাখ সংখ্যালঘূ লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাই হাৰাশাস্তি চলোৱা শেষ হোৱাই নাই পুনৰ আন এক ষড়যন্ত্ৰ চলাইছে অসম চৰকাৰ আৰু NRC কৃতপক্ষই৷

যিসকলৰ নাম সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে পূণৰ দাবী আবেদন কৰিছিল, সেই সকল ব্যক্তিয়ে ১.১ ১.২ জাননী লাভ কৰিছে আৰু ১.১ ১.২ জাননী পোৱাসকলৰ ১৪ বছৰৰ উৰ্দ্ধৰ প্ৰতিজন ব্যক্তিয়ে Biometrics Enrollment কৰাটো বাধ্যতামূলক। কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা SOP মতে ১.১ ১.২ জাননী পোৱাসকলে biometrics Enrollment কৰিবই লাগিব তেনেহ'লে যদি Biometrics Enrollmentৰ পৰা এইসকল লোক বাদ পৰে তেন্তে NRCৰ চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত নিশ্চয় নহ’ব।

কিন্তু Biometrics Enrollmentৰ দায়িত্ব কোম্পানী এটাক দিছে আৰু কোম্পানীটোৱে পৰ্য্যাপ্ত পৰিমাণে মেছিন যোগান নধৰাৰ বাবে সৰহসংখ্যক এতিয়াও Biometrics Enrollmentৰ বাদ পৰি আছে।গোটেই দিনটো শাৰী পাতি থাকি উভতি যাব লগা হয়। এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলাম আৰু কোম্পানীৰ পৰিচালক সঞ্চালকৰ লগত ফোনত হোৱা এক বাৰ্তালাপত কয় যে কৰ্তৃপক্ষই পেমেন্ট নিদিয়াৰ বাবে পৰ্য্যাপ্ত পৰিমাণে মেছিন অথবা আন সমূহ সুবিধা প্ৰদান কৰাত ব্যৰ্থ হৈছে৷

প্ৰশ্ন হয় গুৰুত্বপূৰ্ণ NRCৰ কামত সময়মতে ধন মুকলি কৰি দিয়া নহয়। ৩১.০৭.২০১৯ তাৰিখে চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে। তেনেক্ষেত্ৰত লেহেমিয়া গতিত Biometrics Enrollmentৰ কাম চলি থকা ফলত যিসকল ব্যক্তিয়ে Biometrics Enrollmentৰ পৰা বঞ্চিত হ’ব সেইসকল ব্যক্তিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে NRC কৰ্তৃপক্ষক ৰাজহুৱা কৰাৰ লগতে Biometrics Enrollmentৰ কাম লেহেমিয়া গতিত চলি থকাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ আঁৰৰ ৰহস্যটো কি ৰাজহুৱা ভাবে অসমবাসী ৰাইজক অৱগত কৰাৰ লগতে অতি শীঘ্ৰে Biometrics Enrollmentৰ বাবে পৰ্য্যাপ্ত পৰিমাণে সুবিধা প্ৰদানৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।