প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা

 06/26/2019 - 13:23

ডিজিটেল ডেস্কঃ পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ’ল খচৰা। তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম। সকলো NRC সেৱা কেন্দ্ৰৰ লগতে ,চক্ৰ বিষয়া, মহকুমাধিপতি, উপায়ুক্তৰ কাৰ্যালয়তো উপলব্ধ খচৰাখন। পূৰ্বৰ খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তনেৰে প্ৰকাশ তালিকা।

তালিকাত আছে ‘ডি’ ভোটাৰ, বিদেশী ঘোষিতৰ নাম। বিদেশী ন্যায়াধীকৰণত গোচৰ চলা লোকৰো নাম আছে তালিকাত। এই তালিকাত নাই দাবী-আপত্তিৰ শুনানিৰ ফলাফল। তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী। ১১ জুলাইৰ ভিতৰত NRC সেৱাকেন্দ্ৰত উত্থাপন কৰিব পাৰিব দাবী। চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব দাবী। ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।