শ্বহীদৰ পত্নীক অশালীন মন্তব্য কৰা ছাহিল আব্বাছক আটক অসম আৰক্ষীৰ

 06/26/2019 - 13:30

ডিজিটেল ডেস্কঃ ছট্টীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱান সুনিল কলিতাৰ পত্নীক ছচিয়েল মিডিয়াত অশালীন মন্তব্য কৰা দেশদ্ৰোহী ছাহিল আব্বাছক সোমবাৰে অসম আৰক্ষীয়ে আটক কৰে।

কমলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দলে জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰে। শ শ লোকৰ বাধা নেওচি অত্যন্ত বিপদসংকুল পৰিস্থিতিৰ মাজত আৰক্ষীৰ দলটোৱে ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি কুলগাম থানালৈ আনে।

জম্মু–কাশ্মীৰৰ আদালতৰ পৰা আব্বাছক ট্ৰেনজিত ৰিমাণ্ডত লৈ দিল্লী হৈ গুৱাহাটীলৈ আনে আৰক্ষীয়ে। কামৰূপ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছতে আৰক্ষীয়ে জেৰা কৰিব ছাহিল আব্বাছক। জনসাধাৰণে আব্বাছক কঠোৰ শাস্তি বিহাৰ দাবী তোলাৰ লগতে অসম আৰক্ষীৰ তৎপৰতাক প্ৰশংসা অসমবাসীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।