মাৰ্ঘেৰিটাত বনজ সম্পদৰ অবাধ লুণ্ঠনঃ কুণ্ডাভৰ্তি চাৰিখন গাড়ী জব্দ

 06/26/2019 - 13:50

মাৰ্ঘেৰিটাঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ লেখাজান খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী লিখাজানৰ গেটত কালি নিশা এখন মেক্স পিকআপ ভান আৰু তিনিখন টিচি ট্ৰাকেৰে আনি থকা চোৰাং কুণ্ডা তথা এই কুণ্ডা বোজাই কামত ব্যৱহৃত জেচিবি স্থানীয় ৰাইজ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে জব্দ কৰে। দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা কুণ্ডাখিনি কাটি অনাৰ অভিযোগ কৰিছে ৰাইজে।

মাৰ্ঘেৰিটালৈ কুণ্ডাখিনি আনি আছিল দুষ্কৃতিকাৰীয়ে। গুৰুত্বপূৰ্ণ কথা যে কালি নিশাই কুণ্ডাখিনি জব্দ কৰি খণ্ড বন বিষয়াক খবৰ দিয়ে যদিও এতিয়ালৈকে বন কাৰ্যালয়টোত উপস্থিত হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।