খোল খালে শক্তিপীঠ কামাখ্যাধামৰ দ্বাৰ

 06/26/2019 - 14:05

গুৱাহাটীঃ যোৱা ২২ জুনৰ পৰা আৰম্ভ হোৱা মা কামাখ্যাৰ অম্বুবাচীৰ আজি নিবৃত্তি হয়। পুৱা ৫.১৫ বজাত খোল খালে কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। ২২ জুনত বন্ধ হৈছিল শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। কামাখ্যা মন্দিৰ দুৱাৰ খোল খোৱাৰ লগে লগে মাৰ আশিস ল’বলৈ ভিৰ কৰিছে লাখ লাখ ভক্তই। ৰাজ্যৰ লগতে দেশ–বিদেশৰ পৰা অহা ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰিছে নীলাচলৰ বুকু।

প্ৰতিবছৰৰ দৰে এইবাৰো ভক্তসকলৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যটন বিভাগ তথা প্ৰশাসনে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা সদায় ধৰালৈ নামি আহে বৰষুণ। অম্বুবাচীৰ নিবৃত্তিৰ দিনা ধৰালৈ নমা বৰষুণজাকে ৰজস্বলা মা কামাখ্যাক ধুৱাই পখলাই নিকা কৰাৰ লগতে প্ৰকৃতিকো নিকা কৰে বুলি জনবিশ্বাস চলি আহিছে। আজিও তাৰ ব্যতিক্ৰম নহ’ল। নামিল মূষলধাৰ বৰষুণ। আজি পুৱাই কামাখ্যাধামত উপস্থিত হৈ মাৰ আশিস লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যপাল জগদীশ মুখী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৰিয়ালসহ পূজা–অৰ্চনা আগবঢ়ালে শক্তিপীঠত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।