হাজিৰহাট সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ

 06/26/2019 - 14:09

দক্ষিণ শালমাৰাঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰৰ দিনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধিনত থকা হাজিৰহাট সমবায় সমিতিৰ প্ৰতিজন গ্ৰাহকক দি আছে ৰামঠগন ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰতিজন সুলভ মূল্যৰ গ্ৰাহকৰ পৰা ৫ কেজিৰ বিপৰীতে ৪ কেজি চাউল গ্ৰাহকক দি প্ৰতিজন গ্ৰাহকৰ পৰা ১ কেজি চাউল আত্মসাৎ কৰাৰ অভিযোগ হাজিৰহাট সমবায় সমিতিৰ গ্ৰাহকৰ৷

ইতিমধ্যে ইয়াৰ বিৰুদ্ধে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়ে গ্ৰাহকে৷ অভিযোগ মতে হাজিৰহাট সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল বিতৰণত সমবায় কৰ্তৃপক্ষই প্ৰতিজন সুলভ মূল্যৰ গ্ৰাহকৰ পৰা ১ কেজি চাউল কম দিয়ে৷ বিভাগীয় নিয়ম মতে এজন হিতাধিকাৰীৰ নামত পাঁচ কেজি চাউল বিতৰণ কৰিব লাগে। অৰ্থাৎ এটা পৰিয়ালত পাঁচ জন সদস্য থাকিলে ২৫ কেজি চাউল পাব লাগে৷

কিন্তু সমবায় সমিতিৰ পৰা দিয়া হয় এজনৰ নামত চাৰি কেজিকৈ অৰ্থাৎ পাঁচ জনৰ নামত ২০ কেজি চাউল৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰ তথা জিলা প্ৰশাসনে হাজিৰহাট সমবায় সমিতিৰ এই দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষনীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।