বিশ্বকাপৰ বা-বতৰা

 06/26/2019 - 14:36

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ ৩২ সংখ্যক মেচত অষ্ট্ৰেলিয়াই পৰাস্ত কৰে আয়োজক দেশ ইংলেণ্ডক। প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৮৫ ৰান সংগ্ৰহ কৰে। আনহাতে ৪৪.৪ অভাৰত ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২১ ৰান। মেচখনত অষ্ট্ৰেলিয়া জয়ী হৈছে ৬৪ ৰানত।

অষ্ট্ৰেলিয়া দলৰ অধিনায়ক এৰ’ন ফিন্সে ১১৬ টা বলত সৰ্ব্বোচ্চ ১০০ ৰান সংগ্ৰহ কৰি মেন অৱ দ্য মেচ হয়। উল্লেখ্য যে বিশ্বকাপ ক্ৰিকেটত ২৭ বছৰ ধৰি ইংলেণ্ডে পৰাস্ত কৰিব পৰা নাই অষ্ট্ৰেলিয়াক।

আজি বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ ৩৩ সংখ্যক মেচ বিয়লি ৩ বজাৰ পৰা বাৰ্মিংহামত নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।