কলিয়াবৰত পথ নিৰ্মাণৰ বাবে ওলাই আহিল একাংশ ৰাইজ

 06/26/2019 - 14:49

কলিয়াবৰঃ প্ৰতিকূল বতৰকো নেওচি আজি পুৱা কলিয়াবৰৰ দাৰীগজিৰ একাংশ ৰাইজে হাতে হাতে কোৰ, বেলচা, গামলালৈ, এটি পথ নিৰ্মাণত ব্যস্ত হৈ পৰে। জানিব পৰা অনুসৰি বিগত ২০১৮ বৰ্ষত কলিয়াবৰৰ বিধায়ক তথা বৰ্তমানৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দাৰীগজিৰ এতিয়া গড়কাপ্টানি পথৰ আধাশিলা স্থাপন কৰিছিল যদিও চৰকাৰৰ হেমাহীৰ বাবেই আজিকোপতি উক্ত পথছোৱাৰ নিৰ্মাণ নহ’ল।

যাৰ ফলত ৬০ ঘৰতকৈয়ো অধিক লোকে বসবাস কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংযোগী পথছোৱাৰ দুৰৱস্থাৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে। যাৰ ফলত অতিষ্ঠ ৰাইজে নিজেই গাঁঠিৰ ধন ভাঙি আজি পুৰুষ-মহিলা উভয়ে মিলি পথছোৱাৰ মেৰামতিৰ কাম হাতত লৈছে। বাৰিষাৰ সময়ত এই পথছোৱাত বোকা হৈ পানী জমা হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে জৰুৰীকালীন মৃত্যুঞ্জয় সেয়াও প্ৰৱেশ নকৰে।

ফলত ৰোগীক ঠেলাত তুলি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথলৈ নিবলগীয়া হয়। সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে চৰকাৰ তথা স্থানীয় বিধায়কক অনতি পলমে পথছোৱাৰ মেৰামতি কৰি ছাত্ৰ-ছাত্ৰী তথা ৰোগীৰ লগতে স্থানীয় ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।