অপৰাধীৰ ৰম্যভূমিত পৰিণত বৰপেটা

 06/26/2019 - 14:57

বৰপেটাঃ বৰ্তমান বৰপেটা চহৰ হৈ পৰিছে অপৰাধীৰ ৰম্যভূমি। মঙলবাৰে নিশা স্থানীয় সাংবাদিকৰ দৃষ্টিত ধৰা পৰে ৰাজপথত তিন পাট্টি জুৱা খেলি থকা কেইজনমান জুৱাৰী৷ লগে লগে বাতৰি সংগ্ৰহৰ বাবে সাংবাদিক ওচৰ চাপি যায় আৰু জুৱাৰীকেইজনে সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে।

সাংবাদিকৰ সৈতে প্ৰচণ্ড বাকযুদ্ধত লিপ্ত হয় জুৱাৰীকেইজন৷এইয়াই বৰ্তমান বৰপেটা চহৰৰ পৰিৱেশ৷ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি আছে এই সকল অপৰাধপ্ৰৱণ লোকে। সোনকালে এইবোৰ অসামাজিক কাম কাজ ৰোধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে বৰপেটাৰ জনসাধাৰণে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।