পশ্চিম কাৰ্বি আংলঙত আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

 06/26/2019 - 15:01

কাৰ্বি আংলংঃ সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত আজি জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত সজাগতামূলক সভা, শুভাযাত্ৰা আদিৰে পালন কৰা হয় আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস।

মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে জিলা সদৰ হামৰেণত প্ৰশাসনে অনুষ্ঠিত কৰা এখন সভাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে মাদক দ্ৰব্যৰ ভয়াবহতাৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় হবলৈ আহ্বান জনায়।

জিলাখনৰ বৈঠালাংছ', খেৰণী, জিৰকেন্দিং আদি অঞ্চলতো আৰক্ষীৰ উদ্যোগত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ শোভাযাত্ৰা উলিয়ায়। লগতে মাদক দ্ৰব্যৰ ভয়াবহতাৰ বিষয়ে সকলোকে সজাগ হ’বলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।