বিধ্বংসী বলিঙৰ চমক ৰিয়ান পৰাগৰ

 06/26/2019 - 15:37

ডিজিটেল ডেস্কঃ ৰিয়ান পৰাগৰ বিধ্বংসী বলিঙত তাচপাতৰ দৰে খহিল ২৮ ৰানত ৬ টা উইকেট। নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্ত:জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ছেমিফাইনেল খেলত মঙ্গলবাৰে ৰিয়ানৰ এক অদমনীয় বলিঙৰ প্ৰতিভা দেখিলে ৰাইজে। এই ছেমিফাইনেলত নগাঁৱৰ বিৰুদ্ধে গুৱাহাটীৰ সহজ জয়।

উল্লেখযোগ্য যে বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুস্থিত হোৱা এই ছেমিফাইনেলত গুৱাহাটীয়ে নগাঁৱক প্ৰথম দিনাই এক ইনিংছ আৰু ৪৯ ৰানত পৰাস্ত কৰে। ৰিয়ানে প্ৰথম ইনিংছত ২৮ ৰানত ৬ টা ইউকেট দখল কৰে। যাৰ বাবে নগাঁও দলে ৬১ ৰানত প্ৰথমে ইনিংছ সামৰে ১৩৩ ৰানত।

মাত্ৰ ৮.৫ অভাৰ খেলি ২৩ ৰানতে দ্বিতীয় ইনিংছ সামৰে নগাঁও দলে। নগাঁও দলে পুনৰ এবাৰ গুৱাহাটী বলাৰৰ সন্মুখত অসহায় হোৱা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।