শিৱসাগৰত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

 06/26/2019 - 15:43

শিৱসাগৰঃ শিৱসাগৰৰ বেতবাৰীত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। বলেৰ’-পিক আপ ভেনৰ মুখামুখি সংঘৰ্ষত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈছে দৰা-কইনাসহ ৬জন।

গোলাঘাটৰ পৰা কইনা লৈ তিনিচুকীয়া অভিমুখে গৈ আছিল বিবাহযাত্ৰীৰ বাহনখন। যান্ত্ৰিক বিজুতি ঘটাৰ ফলতে বলেৰ’খনে পিক আপ ভেনত খুন্দা মাৰে। আহতসকলক শিৱসাগৰ অসামৰিক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।