মানকাচৰ আন্তঃজিলা মটৰ শ্ৰমিক সন্থাত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

 06/26/2019 - 15:47

হাটশিঙিমাৰীঃ মানকাচৰ আন্তঃজিলা মটৰ শ্ৰমিক সন্থাত চলিছে বিয়াগোম দুৰ্নীতিৰ অভিযোগ উঠিছে৷মৃত্যুক ভয় নকৰি দেশৰ বিভিন্ন প্ৰান্তৰ গাড়ী চালক, হেণ্ডিমেন, কন্ট্ৰেকটৰ সকলে টকা উপাৰ্জন কৰি নিজৰ নিজৰ পৰিয়াল পোহপাল দি আহিছে। কিন্তু ইয়াৰ মাজতে দঃশালমাৰা মানকাচৰ আন্তঃজিলা মটৰ শ্ৰমিক সন্থাত চলি থকা বিয়াগোম দুৰ্নীতিয়ে টোপনি নোহোৱা কৰিছে দঃশালমাৰা মানকাচৰৰ একাংশ মটৰ শ্ৰমিকৰ।

উল্লেখ্য যে সন্থাৰ নীতি নিয়ম অনুযায়ী প্ৰতি বছৰৰ মূৰে মূৰে সাধাৰণ সভা পাতি কমিটী সালসলনি কৰিব লাগে আৰু ইয়াৰ পৰিপেক্ষিতত একাংশ মটৰ কৰ্মী তথা সদস্যই তিনিবাৰকৈ লিখিত আবেদন দাখিল কৰিছিল যদিও কমিটিৰ সম্পাদক আনোৱাৰ ইছলাম আৰু সভাপতি আক্কাছ আলীয়ে লিখিত আবেদনক গুৰুত্ব নিদি সন্থাৰ নীতি নিয়ম উলংঘা কৰি প্ৰায় তিনি বছৰ ধৰি বলপূৰ্বকভাৱে একেখন কমিটী বাহাল ৰাখি কাম কাজ চলাই আছে।

পিছে কমিটীখনত বিয়াগোম দুৰ্নীতি চলি থকাৰ গুৰুতৰ অভিযোগ তুলি ইয়াৰ তদন্ত তথা নতুনকৈ কমিটী গঠন কৰাৰ দাবী জনায় সন্থাৰ একাংশ কৰ্মী তথা সদস্যই।ইয়াৰোপৰি সন্থাৰ সম্পাদক তথা সভাপতিয়ে প্ৰতি গৰাকী কৰ্মী আৰু সদস্যৰ পৰা দহ হেজাৰকৈ টকা সংগ্ৰহ কৰি লাখ লাখ টকা লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

মন কৰিবলগীয়া যে সন্থাৰ নীতি নিয়ম উলংঘা কৰি বলপূৰ্বকভাৱে তিনিবছৰ ধৰি সন্থাৰ লাখ লাখ টকা  লুণ্ঠন চলোৱা দুৰ্নীতি পৰায়ণ কমিটীৰ সম্পাদক সভাপতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ নতুনকৈ কমিটি গঠন কৰাৰ দাবী জনায় অভিযোগকাৰী মটৰ কৰ্মী সদস্যসকলে৷মটৰ কৰ্মীসকলৰ প্ৰতি চৰকাৰ দয়াশীল হ'ব  নে নাই এয়া পৰৱৰ্ত্তী সময়ত হে হ'ব লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।