হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ গ্ৰেপ্তাৰ ২ মহিলা

 06/26/2019 - 15:54

শিলচৰঃ হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ গ্ৰেপ্তাৰ ২ মহিলা। মংগলবাৰে ৰাতি গোপন সুত্ৰৰ খবৰৰ ভিত্তিত মনাছড়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সেনা বাহিনীৰ এটা দলে ১০ কোটি টকাৰ হীৰাসহ আটক কৰে দুগৰাকী মহিলা।

ধৃত মহিলা দুগৰাকী হৈছে মিনতি চাংমাই আৰু মাৰিয়া চাংমাই।মহিলা দুগৰাকীৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে। এজন যুৱকৰ লগত ফোনত যোগাযোগ কৰি হাইলাকান্দিলৈ আহিছিল মহিলা দুগৰাকীয়ে আৰক্ষীক জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।