শিৱসাগৰত মধ্যাহ্ন ভোজন কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

 03/16/2019 - 18:47

শিৱসাগৰঃ শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কেইবা শতাধিক মহিলাৰ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এইসকল ৰান্ধনী এতিয়া চাকৰিৰ নিৰাপত্তাহীনতাত ভূগিছে।

এক এপ্ৰিলৰ পৰা বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব দিব বিচৰা হৈছে ঘনশ্যাম সেৱা সমিতি নামৰ অসমৰ বাহিৰৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানক। ২৫ কিলোমিটাৰৰ ভিতৰত থাকিব লগা এটা ৰন্ধন কৰ্মশালাৰ পৰা বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন বিতৰণ কৰা হ'ব।

কিন্তু মাত্ৰ ৩৩ টকা দিন হাজিৰাত বিদ্যালয়সমূহত ৰন্ধনৰ কাম কৰি অহা এইসকল মহিলাই চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে। এনে প্ৰেক্ষাপটত ১৯ মাৰ্চ পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এইসকল দুৰ্ভগীয়া মহিলাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।