বৰপথাৰত আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

 06/26/2019 - 16:04

সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰত আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। সেই উপলক্ষে বৰপথাৰত এক বৃহৎ সজাগতামূলক সমদল উলিয়ায়। বৰপথাৰ আৰক্ষীৰ নেতৃত্বত উলিওৱা এই সমদলত আছু, চুতীয়া ছাত্ৰ সন্থা, আটছা, টাই আহোম ছাত্র সন্থাকে ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি গাঁওৰক্ষী বাহিনীৰ সদস্য কলেও অংশগ্রহণ কৰে।

ড্ৰাগছে উঠি অহা নৱ-প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াই নহয় সমাজলৈও অন্ধকাৰ নমাই আনে। ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ কৱলৰ পৰা নৱ-প্ৰজন্মক ৰক্ষা কৰাৰ লগতে সামাজিক পৰিৱেশ সুস্থিৰ কৰি ৰখাই আজিৰ এই সজাগতামূলক সমদলৰ লক্ষ্য।

এখন সুস্থ আৰু সৱল সমাজৰ বাবে ড্ৰাগছ কেতিয়াও গ্ৰহণ যোগ্য নহয়। ড্ৰাগছ নিৰ্মূল কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ স্বাৰ্থত আৰক্ষী কেতিয়াও পিচ পৰি নেথাকে আৰু তাৰ বাবে লাগিব জনসাধাৰণৰ সহযোগিতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।