গহপুৰত মৰণফাণ্ডলৈ পৰিণত এখন কাঠৰ দলং

 06/26/2019 - 16:19

গহপুৰঃ গহপুৰ নগৰত থকা এখন বিধ্বস্ত কাঠৰ দলঙে উদঙাইছে পৰিৱৰ্তনকামী চৰকাৰৰ পৰিবৰ্তনৰ জলন্ত উদাহৰণ। গহপুৰ নগৰৰ ৪নং ৱাৰ্ডৰ কুকুৰজানত বিগত বৰ্ষতে ৩লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কাঠৰ দলং নিৰ্মাণৰ এবছৰ সম্পূৰ্ণ নৌহওঁতে জহিখহি গৈ মৰণফাণ্ডলৈ পৰ্যবসিত হৈ পৰিছে। গহপুৰ নগৰৰ ৪ নং ৱাৰ্ডৰ কুকুৰজান গাঁৱলৈ যোৱা সমাজকৰ্মী কুলাই কুষ্টা পথৰ কুকুৰজান নৈৰ ওপৰত থকা তথা পৰিবৰ্তনৰ পৰশ পৰা এই বিধ্বস্ত কাঠৰ দলংখনে প্ৰমাণিত কৰিছে কিদৰে এজন ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি চৰকাৰী ধনৰ শৰাধ পাতে।

১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত এখন ভাল দলং দেখিবলৈ সক্ষম নোহোৱা অঞ্চলবাসীয়ে বিজেপি চৰকাৰৰ দিনত এখন কাঠৰ দলং লাভ কৰিলে যদিও চৰকাৰী ধনৰ লুন্ঠন চলোৱা ঠিকাদাৰৰ কোপদৃষ্টিত এবছৰতেই বিধ্বস্ত অৱস্থালৈ গতি কৰিলে। গহপুৰ নগৰৰ ৪নং ৱাৰ্ডত থকা উক্ত দলংখনৰ ৯০শতাংশ কাঠেই জহিখহি যোৱত বৰ্তমান মৰণফাণ্ডলৈহে ৰূপান্তৰিত হৈ পৰিছে। পচি যোৱা কাঠৰ ওপৰত বাঁহ লগাই মৰণত শৰণ দি যাতায়াত কৰি থকা দলঙখনত সঘনাই সংঘটিত হৈ আছে সৰু-বৰ দুৰ্ঘটনা। যাতায়াতত দুৰ্ভোগ ভূগি থকা কুকুৰজান অঞ্চলৰ ৰাইজৰ গহপুৰৰ বিধায়ক আৰু নগৰ সমিতিৰ চেয়াৰমেন, ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰলৈ আহ্বান এবাৰ চায় যাওকহি দলংখনত কি কাঠ লগাই নিৰ্মাণ কৰিলে ঠিকাদাৰে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।