বিজেপি বিধায়কৰ গুণ্ডাগিৰিঃ ৰাজপথতে পিটিলে পৌৰনিগমৰ কৰ্মচাৰীক

 06/26/2019 - 16:37

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ৰ গুণ্ডাগিৰি। উচ্ছেদ চলাবলৈ যোৱা পৌৰ নিগমৰ কৰ্মচাৰীক বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাস বিজয়বৰ্গীৰ পুত্ৰ আকাশ বিজয়বৰ্গীয়ই বেটেৰে প্ৰহাৰ কৰে। গঞ্জী কম্পাউণ্ড অঞ্চলত পৌৰ নিগমে উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰিছিল একাংশ লোকে। সেই সময়তে দলীয় সমৰ্থকৰ সৈতে আকাশ বিজয়বৰ্গীয় সেই স্থানত উপস্থিত হয় আৰু এই কাৰ্যৰ বিৰোধিতা কৰে।

তেওঁ পৌৰ নিগমৰ কৰ্মীসকলক উচ্ছেদ নচলাবলৈ নিৰ্দেশ দি বিধায়কজনৰ লগতে তেওঁৰ সমৰ্থকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে পৌৰ নিগমৰ এক্সকেভেটৰৰ চাবি কাঢ়ি লয়। এই ঘটনাক লৈ পৌৰ নিগমৰ বিষয়া আৰু বিধায়কজনৰ মাজত তৰ্কাতৰ্কি হয়। তাৰ পিছতে বিধায়কজনে হাতত এখন ক্ৰিকেট বেট লৈ পৌৰ নিগমৰ কৰ্মচাৰীক প্ৰহাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।