06/26/2019 - 16:44
in
ডিজিটেল ডেস্কঃ খেলুৱৈৰ সীমা চেৰোৱাৰ আসক্তি আৰু কিছু দুৰ্ভাগ্যজনক ঘটনাৰ পৰিপ্ৰেক্ষিতত PUBG খেল নিষিদ্ধ কৰাৰ দাবী সময়ে সময়ে উত্থাপন হৈ আহিছে। এই খেলক ধৰ্মীয় দৃষ্টিৰে হাৰাম আখ্যা দি নিষিদ্ধ কৰিছে ইণ্ডোনেছিয়াৰ দ্য উলেমা কনছুলেটিভ এছেম্বলীয়ে। PUBG বা একে ধৰণৰ খেলৰ বিৰুদ্ধে ফটোৱা জাৰি কৰি সংগঠনটোৱে খেল খেলাসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে।
সংগঠনটোৱে চৰকাৰৰ এই ফটোৱাক 'কানাম' (ইছলাম আইন)লৈ পৰিণত কৰাৰো হেঁচা দিছে। যদিহে 'কানামলৈ' এই ফটোৱা পৰিণত হয় তেনেহ'লে আইন ভংগকাৰীসকলে শাস্তিৰ সন্মুখীন হ'ব লাগিব। বিশেষকৈ শিশুসকলৰ মাজত PUBG-এ হিংসাত্মক আচৰণ বৃদ্ধি কৰাৰ যুক্তিৰে সংগঠনটোৱে এই দাবী কৰে।
শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PUBGৰ আসক্তিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে কেনেদৰে ইয়াৰ পৰা নৱ প্ৰজন্মক ৰক্ষা কৰিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰে।