স্বৰাজ একাডেমিত নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱস পালন

 06/26/2019 - 17:10

নাজিৰাঃ ২০০৭ চনৰ ২৫ জুন তাৰিখে বৃহত্তৰ শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি প্ৰতিষ্ঠা লাভ কৰা ক'লা বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষানুষ্ঠান স্বৰাজ একাডেমিত কালি প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। জন্মলগ্নৰে পৰা প্ৰতি বছৰেই আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষাৰ সুবিধা প্ৰদান কৰি অহা শিক্ষানুষ্ঠানখনৰ অনুষ্ঠানৰ আঁত ধৰে দ্বিতীয় বৰ্ষৰ ছাত্ৰী প্ৰতীক্ষা কাশ্যপ আৰু কৰবী বৰুৱাই। অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা অসমী গগৈ বৰুৱাই।

সুদীৰ্ঘ বাৰ বছৰ ধৰি সফলতাৰ ধাৰা অব্যাহত ৰখা বাবে তেওঁ শিক্ষক ছাত্ৰ সকলোৰে আন্তৰিক শলাগ লয়। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায় ২০১৬ চনত স্বৰাজ একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত দশম স্থান লাভ কৰা গীতাশ্ৰী ৰাজকুমাৰীয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা বক্তব্য ৰাখে সুকন্যা দুৱৰাই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিষয় শিক্ষয়িত্ৰী পল্লৱী বৰুৱাৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা "আৰোহণ" উন্মোচন কৰে অধ্যক্ষাই। লগতে ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্ট্ৰিংচন, ষ্টাৰ, লেটাৰ নম্বৰসহ সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৪৫ জন ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বক্তব্য ৰাখে। অনুষ্ঠানত ন-পুৰণি ছাত্ৰ ছাত্ৰীসকলেও গীত-মাত পৰিৱেশন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।