নাগ্ৰিজুলিৰ গুৱাবাৰীত বন্যহস্তীৰ উপদ্ৰৱ

 06/26/2019 - 17:32

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত দীৰ্ঘদিনে অব্যাহত আছে। যোৱা নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে অঞ্চলটোৰ কেইবাখনো গাঁৱত প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বনৰীয়া হাতীটোৱে প্ৰেম বাহাদুৰ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহ লণ্ড-ভণ্ড কৰিও শান্ত নাথাকি ঘৰৰ ভিতৰত থকা ধান,চাউল আদি খাই পেলোৱাৰ ওপৰিও দেৱকান্ত কলিতা নামৰ এজন লোকৰ দোকান ঘৰ ভাঙি প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী নষ্ট কৰি পেলায়।

হাতীটোৰ উপদ্ৰৱত আতংকিত হৈ অঞ্চলটোৰ লোক সকলে ঘৰ-দুৱাৰ এৰি যধে-মধে পলাবলৈ ধৰে। অঞ্চলটোৰ লোকে বহু সময় ধৰি হাটীটোক খেদি পঠিয়াবৰ বাবে চেষ্টা অব্যাহত ৰাখে যদিও পুৱাৰ ভাগতহে পুনৰ পাহাৰৰ মাজলৈ গুছি যায়। উল্লেখ্য যে বিগত বহু দিন ধৰি বন্যহস্তীৰ জাক এটাই সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ৷ হাতীৰ আক্ৰমণত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।