অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

 06/26/2019 - 17:45

গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। শিক্ষা সংসদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই, নীলম মোহন, ফণীন্দ্ৰ জিদোং, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বক্তৃতা অনুষ্ঠান। বক্তৃতাৰ বিষয়বস্তু সাম্প্ৰতিক +২ স্তৰৰ শিক্ষাৰ ধাৰা আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা। এই বিষয়ৰ বক্তা হিচাপে উপস্থিত থাকে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শিক্ষা পৰিকল্পনা আৰু প্ৰশাসনীয় প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ নিলম সুদ।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পুথি উন্মোচন কৰা হয়। এই পুথিখন উন্মোচন কৰে শিক্ষামন্ত্ৰীয়ে।ইয়াৰ উপৰি শিক্ষা সংসদৰ সচিব কমল জ্যোতি গগৈৰ আহোমৰ দিনৰ মঠ মন্দিৰ গ্ৰন্থ উন্মোচন। এইবাৰ চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান আৰু বাণিজ্য শাখাত শীর্ষ স্থান লাভ কৰা শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়। বহী মূল্যায়নৰ ক্ষেত্ৰত কলিয়াবৰ কলেজ আৰু ডিফু চৰকাৰী কলেজে শ্ৰেষ্ঠ মণ্ডলৰ সন্মান লাভ কৰে। বৰপেটাৰ এম চি কলেজ, শিলচৰৰ গুৰুচৰণ কলেজ আৰু শিৱসাগৰৰ এছ চি দি চি কলেজে শ্ৰেষ্ঠ পৰীক্ষা কেন্দ্ৰৰ সন্মান লাভ কৰে।এই কলেজ কেইখনক ৫০ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।