ভূত বাংলাত পৰিণত তামুলপুৰৰ উপৰচৰিয়া উপ স্বাস্থ্যকেন্দ্ৰ

 03/16/2019 - 19:07

তামুলপুৰৰ পৰা আৰিফ আহমেদঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত উপৰচৰিয়া উপ স্বাস্থ্যকেন্দ্ৰটো সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে। আজিৰ পৰা পঞ্চাশ বছৰ পূৰ্বে উপ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ হৈছিল যদিও উপ স্বাস্থ্যকেন্দ্ৰটো জহি-খহি যোৱাত ২০০৫ চনত অসম চৰকাৰ আৰু বি টি চি চৰকাৰে ৮৪ লাখ টকা ব্যয় সাপেক্ষে উপৰচৰিয়া উপ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ কৰিছিল। কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ল যদিও স্বাস্থ্যকেন্দ্ৰটো মুকলি কিন্তু আজিলৈ নহ’ল।

যাৰ বাবে ৮-১০ খন গাঁৱৰ ৰাইজে সামান্য জ্বৰ, কাঁহ হ'লেও তামুলপুৰ, ৰঙিয়া, নলবাৰী আদি ঠাইলৈ যাব লগা হয়। চৌৰাশী লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই উপ স্বাস্থ্যকেন্দ্ৰটোত আজিলৈ নাই কোনো চিকিৎসা ব্যৱস্থা, নাই ডাক্তৰ, নাই কোনো নাৰ্চ। সম্প্ৰতি উপ স্বাস্থ্যকেন্দ্ৰটো একাংশ লোকৰ মদ, ভাং, জুৱা আদিৰ আড্ডাৰ স্থলী হৈ পৰিছে।

ক্ৰমাৎ জহি-খহি যোৱা স্বাস্থ্যকেন্দ্ৰটোৰ বিষয়ে আজিৰ পৰা কেইবা মাহ আগতে স্থানীয় ৰাইজৰ লগতে তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ মুখ্য সেৱিকা ললিতা দেৱী তথা অঙ্গণবাড়ী কৰ্মী-সহায়িকাই বিষয়টো নীতি আয়োগক অৱগত কৰে। এই ক্ষেত্ৰত আটাইয়ে উপ স্বাস্থ্যকেন্দ্ৰটো পুনৰ উজ্জ্বীৱিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি নীতি আয়োগৰ লোকক বিষয়টো হস্তগত কৰাৰ বাবে আহ্বান জনায়।

নীতি আয়োগে বিভাগীয় কৰ্তৃপক্ষক জনাইছিল যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ লাভ কৰা নাই নীতি আয়োগে। যি সময়ত ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱাৰ নামত কোটি কোটি টকা ব্যয় কৰি আহিছে তেনে সময়তে তামুলপুৰৰ উপৰচৰিয়া উপ স্বাস্থ্যকেন্দ্ৰটো আজিও উপেক্ষিত হৈ থকাটো অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক লজ্জাজনক ইতিহাস ৰূপে পৰিগণিত হৈছে। নানা সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলবাসীয়ে উপ স্বাস্থ্যকেন্দ্ৰটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।