বৰপেটাৰ গৰৈমাৰীত পথ দুৰ্ঘটনা

 06/26/2019 - 18:42

পূৱ-বৰপেটাঃ বৰপেটা জিলাৰ গৰৈমাৰীত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহি থকা AS-01DD-7654 নম্বৰৰ ট্ৰেভেলাৰ এখন আজি দিনৰ প্ৰায় ১২ বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পুখুৰীত সোমাই যায়৷

দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা ১৫ গৰাকী যাত্ৰীৰ। অন্যহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৯ গৰাকী ব্যক্তি৷ ঘটনাস্থলীত আৰক্ষীৰ লোকসকল উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক খৰধৰকৈ ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ পাছত স্থানীয় লোকৰ সহযোগিতাত জেচিবিৰে ট্ৰেভেলাৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।