06/26/2019 - 18:59
in
দলগাঁওঃ এনআৰচিৰ অতিৰিক্ত তালিকা প্ৰকাশৰ পিছতেই দলগাঁৱত আত্মহত্যা এগৰাকী কিশোৰীৰ। আজি প্ৰকাশিত অতিৰিক্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দৰঙৰ শ্যামপুৰৰ ৰৌমাৰী চাপৰিত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।
ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা নুৰ নাহাৰ বেগমে নিজৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে চিপলৈ আত্মহত্যা কৰে। এনআৰচিৰ অতিৰিক্ত তালিকা সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নথকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয় আমছুৱে।