কাকপথাৰঃ তিনিচুকীয়া জিলাত চলি থকা বিভিন্ন ধৰনৰ চোৰাং ব্যৱসায়ৰ বিষয়ে সংবাদ মাধ্যমত বাৰম্বাৰ প্ৰকাশ পাই আহিছে যদিও আজি পৰ্যন্ত যেন নাকী লগাব পৰা নাই এই চোৰাং ব্যৱসায়ীসকলক প্ৰশাসন কিম্বা চৰকাৰে৷ ইয়াৰে ভিতৰত বনজ সম্পদৰ বিষয়টো অন্যতম৷ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ পৰা ডিৰাক গেট হৈ কাকপথাৰৰ ৰাষ্ট্ৰীয় ঘাই পথেদি শদিয়াৰ শান্তিপুৰ গেট পাৰ হৈ অসমত প্ৰৱেশ কৰি ড° ভূপেন হাজৰিকা সেতুৱেদি দৈনিক কোটি কোটি টকাৰ চোৰাং সামগ্ৰী যেনে মূল্যবান কলা কচু, খয়েৰ কাঠ (কাথা)ৰ লগতে অন্য কাঠ, ইলাচী, কেঁকো সাপ ইত্যাদি বিভিন্ন ধৰণৰ মূল্যবান বনজ সম্পদ অবৈধভাবে চোৰাংকৈ সৰবৰাহ হৈ আহিছে৷
এই ব্যৱসায়ত চোৰাং ব্যৱসায়ীসকলে সোণালী কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে কাকপথাৰৰ পথৰ লগতে ড° ভূপেন হাজৰিকা সেঁতু৷ এই সম্পদসমূহৰ ভিতৰত কলা কচু হৈছে এবিধ অতি মূূূূল্যবান আৰু আপুৰুগীয়া সম্পদ৷ এই কলা কচু অৰুনাচল প্ৰদেশৰ পাহাৰৰ উচ্চতাত সম্পূৰ্ণ প্ৰাকৃতিকভাবে উৎপাদন হয়৷ এই কলা কচুক লৈ চোৰাংকৈ বৃহৎ ব্যৱসায় চলি আছে৷ অৰুনাচলৰ স্থানীয় জনজাতীয় লোকসকলে কলা কচুৰ সঠিক মূল্যৰ বিষয়ে নাজানি কিছু টকাৰ বিনিময়ত বহু কষ্টেৰে পাহাৰৰ উচ্চতাৰ পৰা সংগ্ৰহ কৰি আনি তেজুৰ কেইজনমান পুঁজিপতিক বিক্ৰী কৰে৷
আৰু এই "কলা কচু" পুঁজিপতিকেইজনে তেওঁলোকৰ পৰা ক্ৰয় কৰি তিনিচুকীয়াৰ অসাধু ব্যৱসায়ীক প্ৰতি কেজিত প্ৰায় পাঁচৰ পৰা সাত হাজাৰ টকা পৰ্যন্ত দামত বিক্ৰী কৰে৷ কলা কচু সৰবৰাহৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত কাকপথাৰ, মাকুম, তিনিচুকীয়াৰ কেইজনমান যুৱকে সহায় কৰি তেজুৰ পৰা তিনিচুকীয়া চাইডিংস্থিত অসাধু চোৰাং ব্যৱসায়ীৰ হাতত গতাই দিয়ে৷ তেজুৰ পৰা তিনিচুকীয়াৰ পথৰ দূৰত্ব সময় অনুসৰি প্ৰায় তিনি ঘণ্টা৷ এই পথছোৱা অতিক্ৰম কৰি তিনিচুকীয়াৰ অসাধু ব্যৱসায়ীক দুগুন দামত বিক্ৰী কৰা কাৰ্যতেই অনুমান কৰিব পাৰি যে বহিঃৰাষ্ট্ৰ নাইবা ৰাজ্যৰ বাহিৰত এই কলা কচুৰ প্ৰকৃত মূল্য কিমান৷ উত্তৰ-পূৱৰ কলা কচুৰ মূল বজাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলং বুলি জানিব পৰা গৈছে৷
ইয়াৰ পৰাই দেশৰ বাহিৰলৈ এক বৃহৎ পৰিমাণৰ মূল্যত এই "কলা কচুু" অসাধু ব্যৱসায়ীসকলে চোৰাংকৈ ৰপ্তানি কৰে৷ এই কলা কচু কঢ়িওৱাৰ ক্ষেত্ৰত প্ৰশাসন অথবা বন বিভাগৰ চকুত ধূলি মাৰিবলৈ বিলাসী বাহন যেনে স্কৰ্পিঅ’, বলেৰ’ ধৰণৰ নাইবা দূৰণিবটীয়া নৈশ বাহন ব্যৱহাৰ কৰি অতি সহজে পাৰ কৰি নিয়াৰ কথা জানিব পৰা গৈছে৷ যিটো সময়ত অসম অৰুনাচল প্ৰদেশৰ সীমান্তত স্থাপিত বিভিন্ন গেটত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ইনাৰ লাইন পাৰ্মিটৰ অবিহনে প্ৰৱেশ কৰিব নোৱাৰি তেনে পৰিস্থিতিত কি দৰে এই চোৰাং ব্যৱসায় কোনো ধৰণৰ নথি পত্ৰ অবিহনে অতি সহজে চলি আহিছে সেইয়া এক ৰহস্যৰ বিষয়৷
জানিব পৰা মতে অতি মূল্যবান আপুৰুগীয়া কলা কচুৰ পৰা বিভিন্ন ধৰণৰ মূল্যবানৰ ঔষধৰ লগতে বিষ্ফোৰক জাতীয় সামগ্ৰী প্ৰস্তুত কৰা হয়৷ এই বিধ অতি মূল্যবান বনজ সম্পদৰ ব্যৱসায় চৰকাৰক কৰ বহন কৰা প্ৰক্ৰিয়াৰ বাহিৰত ৰাখি ইয়াৰ সুবিধা লৈ চোৰাং ব্যৱসায়ীসকলে বাৰুকৈয়ে মুনাফা লুটি আহিছে৷ মাজে সময়ে সংবাদ মাধ্যমত এই কলা কচুৰ অবৈধ চোৰাং ব্যৱসায় অথবা ইয়াৰ গুনাগুনৰ বিষয়ে প্ৰকাশ পাই আহিছে যদিও অসম চৰকাৰৰ বিয়াগোম বন বিভাগে এই "কলা কচু" জব্দ নাইবা সংৰক্ষনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়৷
সম্প্ৰতি পোৱা খবৰ অনুসৰি যোৱা কিছু দিনৰ আগতে অৰুনাচলৰ পৰা অহা নেটৱৰ্ক প্ৰতিষ্ঠানৰ এখন নৈশ বাছত চোৰাংকৈ বোজাই অনা প্ৰায় ৮ লাখ মান টকা মূল্যৰ ৫ বস্তা "কলা কচু" কাকপথাৰৰ পৰা কিছু দূৰ নিলগৰ লাজুম পথাৰত আবেলি সময়ত কোনো দুষ্কৃতিকাৰীৰ দলে সম্পূূূূৰ্ণ মাফিয়াৰ কায়দাৰে গাড়ী ৰখাই নমাই অন্য এখন নম্বৰ প্লেট বিহীন হুণ্ডাই আই টেন গাড়ীত উক্ত "কলা কচু"সমূহ উঠাই লৈ উধাও হয়৷
ৰহস্যৰ বিষয় যে ইমান টকা মূল্যৰ কলা কচু দিনৰ পোহৰতে কোনো দূৰ্বৃত্তই লৈ উধাও হোৱা বিষয়টো ব্যৱসায়ীয়ে আৰক্ষীক অৱগত কৰা নাই, নে এই ধৰণৰ চোৰাং ব্যৱসায় আগলৈও অব্যাহত ৰাখিবলৈ ব্যৱসায়ীসকলে ৰচা এখন নাটক সেইয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব৷ যিটো সময়ত বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰে শূন্য সহনশীলতাৰ কথা কয় তেনে সময়ত অসাধু ব্যৱসায়ীসকলে প্ৰশাসনৰ উচ্চপদস্থ বিষয়া নতুবা শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ নাম লৈ এনে ধৰণৰ চোৰাং ব্যৱসায় অব্যাহত ৰখাৰ বিষয়টো সৰ্বজনবিদিত৷ এনে ধৰণৰ চোৰাং ব্যৱসায়ৰ ফলত তিনিচুকীয়া জিলাৰ পৰাই দৈনিক কোটি টকাৰ ৰাজহৰ পৰা চৰকাৰ বঞ্চিত হ’ব লগা হৈছে৷
যদি প্ৰশাসন নাইবা চৰকাৰে অতি মূল্যৱান কলা কচুৰ দৰে চোৰাং ব্যৱসায়সমূহৰ ওপৰত উচিত তদন্তৰ লগতে চোৰাং ব্যৱসায়ীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত এনে ধৰণৰ ব্যৱসায়ৰ লগত জড়িত লোকৰ নাম, ব্যৱহৃত বাহনৰ নম্বৰ সহিতে সময় উল্লেখ কৰিবলৈ আমি বাধ্য হ’ম৷ সময় থাকোতেই যদি এনে ধৰণৰ চোৰাং ব্যৱসায়সমূহ বন্ধ কৰিবলৈ ব্যৱস্থা নকৰে তেন্তে সহজে ধন ঘটাৰ নামত ভৱিষ্যত প্ৰজন্মই যে ধ্বংসৰ গৰাহত ভৰি দিব সেইয়া নিশ্চিত৷