মানকাচৰৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ অনন্য ৰূপ

 06/26/2019 - 19:13

হাটশিঙিমাৰীঃ আপুনি বাৰু সমাজৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক কেনেদৰে চায়। বিশেষভাৱে সক্ষম ব্যক্তিসকলক আপুনি নিশ্চয় বেলেগ চকুৰে চায়। কিন্তু মানকাচৰৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অন্যান্য গুণৰ অধিকাৰী এই ব্যক্তিজন হ’ল মানকাচৰৰ বাঘাপাৰাৰ মনিৰুজ্জামান ভূঞা।

সমাজৰ নিম্ন বিত্ত ঘৰৰ মনিৰুজ্জামান ভূঞাই নিজে প্ৰেছ খুলি দুজন দুখীয়া ঘৰৰ ল’ৰাক পোহপাল দিয়াৰ উপৰি লৈছে ল’ৰা দুজনৰ পঢ়া-শুনাৰ দায়িত্ব। তদুপৰি ভূঞাই এখন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰে। সদায় দুখীয়া ৰাইজক সহায় সহযোগিতা কৰি ভাল পোৱা এই ব্যক্তিগৰাকী এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।