তিতাবৰৰ ৰাজপথত জ্বলিল শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি

 06/26/2019 - 19:45

তিতাবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তিতাবৰ ন-আলিস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তিতাবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কার্যালয় ঘেৰাও কৰাৰ লগতে দাহ কৰে শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিকৃতি। কিছুদিনৰ আগৰ পৰা তিতাবৰত নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰা আৰু সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সহযোগত তিতাবৰীয়া ৰাইজে কাৰ্যালয়টো ঘেৰাও কৰি অসম চৰকাৰ হায় হায়, তপন গগৈ মুর্দাবাদ, তিতাবৰৰ বৈদ্যুতিক উপ-সংমণ্ডল হায় হায়, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে গৰম বন্ধৰ আগমুহূৰ্তত হোৱা বিদ্যালয়সমূহত ছমহীয়া পৰীক্ষা চলি আছে যদিও বিদ্যুৎ নথকাৰ ফলত গৰমত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। মম অথবা কেৰাচিন তেলৰ টিপ চাকি জ্বলাই সন্ধিয়া ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লগা হৈছে। ইফালে প্ৰচণ্ড ৰ'দ আৰু উৎকট গৰমে দহিছে ৰাইজক। আনহাতে তিতাবৰ উপ-সংমণ্ডলৰ মুখ্য দায়িত্বত থকা বিষয়াৰজনৰ অমনোযোগিতাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তীব্ৰ ক্ষোভ উজাৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।