অগপৰ পৰা অপসাৰিত প্ৰণৱ গোস্বামীৰ ক্ষোভ

 03/16/2019 - 19:12

গুৱাহাটীঃ দলৰ নীতি-নিয়ম উলংঘা কৰাৰ অপৰাধত অসম গণ পৰিষদ দলৰ পৰা অপসাৰণ কৰা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীয়ে উজাৰিছে ক্ষোভ।  অগপৰ নেতৃত্বক তীক্ষ্ন ভাষাৰে সমালোচনা কৰি গোস্বামীয়ে কয়- কেইজনমান নেতাৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবেই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিছে অগপই৷

দলৰ তৃণমূল কৰ্মীসকলৰ আৱেগৰ কোনো ধৰনৰ মূল্য প্ৰদান নকৰা অগপ নেতাই অসাংবিধানিকভাৱে মোক দলৰ পৰা অপসাৰণ কৰিছে৷ ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ সৈতে মিত্ৰতা নকৰিবৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল আৰু সভাৰ ৯০শতাংশ সদস্যই এই প্ৰস্তাৱক সমৰ্থন জনাইছিল৷ ইয়াৰ পাছতো অগপ নেতাই বিজেপিৰ সৈতে মিত্ৰতা কৰা কথাটোত অসমৰ আঞ্চলিকতাবাদী ৰাইজ সম্পূৰ্ণ বিৰোধী বুলি মন্তব্য কৰে গোস্বামীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।