দৰং আৰক্ষীৰ সফলতাঃ বিজেপিকৰ্মী সহ আটক চাৰি দুধৰ্ষ ডকাইত

 06/26/2019 - 20:06

মঙলদৈঃ দৰং আৰক্ষীৰ সফলতা। গুৱাহাটীত ডকাইতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা দুধর্ষ ডকাইত আশা বাবুৰ চাৰি সহযোগী আটক। দৰং আৰক্ষীৰ অভিযানত আজি আটক এই চাৰি দুধৰ্ষ ডকাইত। দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল বৰুৱাৰ নেতৃত্বত খাৰুপেটীয়া আৰু ধূলা আৰক্ষীৰ যৌথ অভিযানত বিজেপিকৰ্মী সহ আটক চাৰি দুধৰ্ষ ডকাইত। আটক হোৱা চাৰি ডকাইতৰ ধূলাৰ আব্দুল ওৱাহাব আৰু আব্বাছ আলী, ওজাগাঁৱৰ বানাজ উদ্দিন আহমেদ আৰু খাৰুপেটীয়াৰ ফাৰুক হুছেইন।

উল্লেখযোগ্য যে চাৰি ডকাইতৰ আব্দুল ওৱাহাব এগৰাকী বিজেপিৰ কৰ্মী। যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেত সদস্য পদত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিছিল। আৰক্ষীয়ে ডকাইত কেইজনৰ পৰা এটা লেপটপ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে ডকাইতৰ এটা ডাঙৰ গেং আছে যিয়ে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰাধীমূলক কাম কাজ কৰি আছে।

লগতে জনায় যে এই সংক্ৰান্তত আৰু অধিক ডকাইত আটক হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান আৰক্ষীয়ে অনুসন্ধান চলাই থকা বুলি জানিব দিয়ে। উল্লেখ্য যে চাৰি দিন পূৰ্বে অসম আৰক্ষীৰ মষ্ট ৱান্টেট দুধৰ্ষ ডকাইত আশাবাবুক দৰং আৰক্ষীয়ে এটা পিষ্টল আৰু ৫ জাঁই গুলিসহ গ্ৰেপ্তাৰ কৰাৰ পাছতে এটাৰ পাছত এটাকৈ আজি চাৰি জন দুধৰ্ষ ডকাইত আটক হয়৷ যোৱা ৪ ছেপ্টেম্বৰ ২০১৮ চনত হাটীগাঁৱত সংঘটিত ডকাইতি কাণ্ডৰ আশা বাবুৰ এই দলটো জড়িত আছিল বুলি প্ৰকাশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।