দঃশালমাৰাত আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

 06/26/2019 - 20:30

হাটশিঙিমাৰীঃ দঃশালমাৰাত আজি আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। দঃশালমাৰা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালনত উপস্থিত থাকে দঃশালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, দঃশালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল কালাম আজাদ, দঃশালমাৰা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডঃ আজাদ আলীকে ধৰি সমাজৰ কেইবাশতাধিক সচেতন ৰাইজ উপস্থিত থাকে।

দঃশালমাৰা কলেজৰ অধ্যক্ষৰ সভাপতিত্বত দঃশালমাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালনত দঃশালমাৰা কলেজ আৰু দঃশালমাৰা আৰ বি পি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালনৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি দঃশালমাৰা এলেকাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত বিস্তৃত ভাষন প্ৰদান কৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সজাগ কৰা দঃশালমাৰা আৰক্ষীৰ এনে কাৰ্য্যক ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।