শ্বাহিদ কাপুৰৰ 'কবীৰ সিং' ছবিয়ে ভংগ কৰিলে ৰেৰ্কড- ৫ দিনত ১০০ কোটি টকা উপাৰ্জন

 06/26/2019 - 20:31

ডিজিটেল ডেস্কঃ বক্স অফিচত শ্বাহিদ কাপুৰৰ জয়ধ্বজা।'কবীৰ সিং' শ্বাহিদৰ কেৰিয়াৰৰ প্ৰথমখন শ্ৰেষ্ঠ Solo hit। এফালে বলীউডৰ কেইবাগৰাকীও নতুন নতুন অভিনেতাৰ নাম '১০০ কোটি' ক্লাৱত অন্তৰ্ভুক্ত হৈছে।এই সফলতাৰ বাবে ১৬ বছৰে বাট চাইছিল শ্বাহিদ কাপুৰে। 'কবীৰ সিং' ছবি ৰিলিজ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত যথেষ্ট ট্ৰল হৈছিল যদিও বিবাদৰ সকলো সমালোচনা নেওচি 'কবীৰ সিঙে' ভংগ কৰিলে ৰেৰ্কড।সপ্তাহটোৰ শেষৰ ফালে কবীৰ সিঙে ৭০ কোটি টকা উপাৰ্জন কৰাৰ পিছত পঞ্চমটো দিন অৰ্থাৎ মঙ্গলবাৰে ১৫ কোটি টকা উৰ্পাজন কৰিবলৈ সক্ষম হয়।

বৰ্তমান ১০০ কোটি টকা অতিক্ৰম কৰিছে 'কবীৰ সিঙে'। কেৱল Weekended য়ে নহয় Weekdaysতো 'কবীৰ সিং'ৰ প্ৰদৰ্শনী হাউছফুল আছিল। ছবিখনে প্ৰথমটো দিনত ২০ কোটি ২১ লাখ টকা উৰ্পাজন কৰি বলীউডৰ স্থিতি সবল কৰিছিল। শনিবাৰৰ দিনটোত ২২ কোটি ৭১ লাখ টকা উৰ্পাজন আৰু দেওবাৰে ২৭ কোটি ৯১ লাখ টকা উৰ্পাজন কৰিবলৈ সক্ষম হয় শ্বাহীদ কাপুৰে ছবিখনে। মাত্ৰ ৩দিনতে মেকিং আৰু প্ৰচাৰৰ খৰচ উলিয়াই লয় ছবিখনে। ছবিখনৰ প্ৰচাৰ, মেকিং বা অন্য খৰচ হৈছিল ১৫ কোটি টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।