06/26/2019 - 20:53
in
বিলাসীপাৰাঃ ৰাজ্যত কৃত্ৰিম বানৰ তাণ্ডব। কৃত্ৰিম বানে জলমগ্ন কৰিছে ৰাজ্যৰ বহু অঞ্চল। এইবাৰ প্ৰকৃতিৰ কৃত্ৰিম বানৰ কবলত পৰিছে নামনিৰ কেইবাখনো অঞ্চল। মাত্ৰ কেই ঘণ্টামানৰ বৰষুণ ফলতে জলমগ্ন ধুবুৰী চহৰ। সম্পূৰ্ণ ৰূপে প্লাবিত হৈ পৰিছে মডেল বিলাসীপাৰাৰ লগতে কলিয়াৰখালৰ একাংশ বাট-পথ। এদিন দুদিনৰ ঘটনা নহয়, দীৰ্ঘ দিন ধৰি হৈ আছে এনে ঘটনা।
মাজ নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত জলমগ্ন হয় অঞ্চলকেইটা। নিশা সকলোৱে টোপনিত লালকাল হোৱাৰ সময়তে হয় বিছনাত পানী। এই কৃত্ৰিম বানৰ ভয়ঙ্কৰ তাণ্ডৱৰ পৰা মুক্তি বিচাৰি আজি কলিয়াৰখালৰ ৰাইজে ধুবুৰী জিলা উপায়ুক্ত, মহকুমাধিপতি, বিধায়ক আৰু চক্ৰ বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰে। ৰাইজে অতি সোনকালে এটা কালভাৰ্টৰ দাবী কৰিছে। নহ’লে ধাৰাসাৰ বৰষুণৰ ফলত কলিয়াৰখাল আৰু উপকণ্ঠ অঞ্চলসমূহৰ জনজীৱন স্তব্ধ হৈ যাব।