বিজেপিৰ 'মে ভী চকীদাৰ' শ্ল'গান মুকলি

 03/17/2019 - 12:23

ডিজিটেল ডেস্ক: আগন্ত্তক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্ত্ততি তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ। এইবাৰ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে এটা নতুন শ্ল'গান মুকলি কৰিছে। ২০১৪ চনৰ 'অচ্ছে দিন'ৰ পিছত এইবাৰ প্ৰধানমন্ত্রী মোডীৰ নতুন শ্ল'গান হ'ল 'মে ভী চকীদাৰ'।

৪ মিনিট জোৰা ভিডিঅ'টো কালি মোডীয়ে আনুষ্ঠানিকভাৱে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰে। এই ভিডিঅ'টো মুকলি কৰাৰ পিছতেই বিজেপি সমৰ্থকসকলৰ মাজত দেখা যায় ব্যাপক উচ্ছ্বাস। ভোটাৰক আকৰ্ষিত কৰিবলৈ বিজেপি চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ নিদৰ্শন গীত মাতৰ যোগেদি এই ভিডিঅ'টোত দেখুওৱা হৈছে।

ভিডিঅ'টো মুকলি কৰাৰ কিছু সময় পিছতেই ৫০ হেজাৰ লাইক আৰু ১৯ হেজাৰে ভিডিঅ'টো ৰি-টুইট কৰে। উল্লেখ্য যে, অহা ৩১ মাৰ্চত সমগ্ৰ দেশবাসীক ‘মে ভী চৌকীদাৰ’ অভিযানৰ জৰিয়তে সম্বোধন কৰিব মোডীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।