নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত যোৰহাটত ধৰ্ণা

 06/26/2019 - 21:14

যোৰহাটঃ বিদ্যুতৰ লুকা-ভাকুৱে এতিয়া অতিষ্ঠ কৰিছে যোৰহাটবাসীক। নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিনটোৰ ভিতৰত ৬ ঘণ্টা সময়ো নিয়মীয়াকৈ ৰাজ্যখনত বিদ্যুৎ যোগান ধৰিব নোৱাৰাত তীব্র সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।

জিলাখনত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদৰ প্রায় অৰ্ধ শতাধিক সদস্যই হাতে হাতে প্লে কাৰ্ড লৈ বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ নিয়মীয়া কৰক আদি বিভিন্ন শ্ল’গানেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাটস্থিত উজনি অসম মহা প্ৰবন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শক্তিমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।