বিজনীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ ৰাজহ চক্ৰৰ অধীনৰ ৮/৯ খনকৈ গাওঁ বৰ্তমান বানৰ কৱলত। আজি দুদিন ধৰি পৰা নেৰা-নেপেৰা বৰষুনৰ ফলত আই, কানামাক্ৰা আদি নৈ ফেনে-ফুটুকাৰে ওফন্দি উঠাৰ ফলত বিজনী ৰাজহ চক্ৰৰ অধীনৰ ৮/৯ খনকৈ গাঁও বানৰ কবলত পৰে৷ গাঁওকেই খন হ'ল ১নং চৌৰাবাৰী, ১ নং মাজৰাবাৰী, ২ নং মাজৰাবাৰী, ২ নং শিশুবাৰী, খুজৰাবগুৰী, ২ নং চাৰাপেট, ২ নং চিকাঝোৰা আৰু ১ নং দোহলাখুন্দাসহ প্ৰায় ২ হাজাৰ গঞা ৰাইজৰ লগতে কেইবা বিঘা খেতি মাটি ক্ষতিগ্ৰস্ত হৈছে।
আনহাতে বিজনী ৰাজহ চক্ৰৰ অধীনৰ দোঙাপেটা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত মুঠ ৫৫০ গৰাকী বন্যাৰ্তই আশ্ৰয় গ্ৰহণ কৰি আছে। ইতিমধ্যে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তলৈ প্ৰশাসনৰ তৰফৰ পৰা চিকিৎসা সেৱা তথা সাহায্য সামগ্ৰী প্ৰদান কৰিছে। ইফালে বানৰ কৱলত পৰা পশুধন আৰু গঞাৰ বাসগৃহৰ ক্ষয়-ক্ষতি সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা জৰীপ চলাই থকা হৈছে।