অৱশেষত গা লৰিল বিদ্যুৎ বিভাগৰ,নিলম্বন কৰিলে দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক

 06/27/2019 - 13:19

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা বিশ্বনাথত সংঘটিত হোৱা বিদ্যুস্পৃষ্ট ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। জিলাখলৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই তদন্তৰ কথা উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ঘোষণা কৰে। লগতে ঘটনাটোৰ তদন্তৰ বাবে জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যক দায়িত্ব অৰ্পণ কৰে আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে। বিভাগীয় তদন্তৰ পাছতে কৰ্তব্যত গাফিলতি কৰা বাবে প্ৰথম পৰ্যায়ৰ দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয়।

মৃতকৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন সকলোৱে বিদ্যুৎ বিভাগৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ঘটনাত দোষী সাব্যস্ত হোৱাসকলৰ কঠোৰ শাস্তিৰ দাবী তোলে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জনা শৰ্মাই মৃতকৰ পৰিয়াললৈ তৎক্ষণিক ক্ষতিপূৰণ হিচাপে আঢ়ৈ লাখ টকাৰ এখন চেক প্ৰয়াত ৰবীন দাসৰ পিতৃ কলীয়া দাসৰ হাতত অৰ্পণ কৰে। আৰু মৃতকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত ঠিকাভিত্তিত নিয়োগৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।