কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনাঃ একেটা পৰিয়ালৰে ৩জনক দুৰ্বৃত্তৰ হত্যা

 06/27/2019 - 13:34

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত একেটা পৰিয়ালৰে তিনিজন সদস্যক অচিনাক্ত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰৰ নিশা সংঘটিত হোৱা এই ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিজন সদস্য হ'ল ক্ৰমে টিপুল ৰায়(৩৪), মৰমী ৰায়(২৫) আৰু অঞ্জুমণি ৰায়(৩)।

আনহাতে এই ঘটনাত সৌভাগ্যবশতঃ কবিতা ৰায়(৬) নামৰ কণমানি কন্যাগৰাকী ৰক্ষা পৰে। উল্লেখ্য যে ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা আজি ৰাতিপুৱাহে পোহৰলৈ আহে। গাঁওবাসীৰ একাংশই ৰাতিপুৱা মাতৃ মৰমী ৰায় আৰু কন্যা অঞ্জুমণি ৰায়ৰ মৃতদেহ বাহিৰত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত তিনিওৰে মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰে টিপুল ৰায়ৰ মৃতদেহ ঘৰৰ ভিতৰত আৰু মাতৃ-কন্যাৰ মৃতদেহ ঘৰৰ বাহিৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। দুৰ্বৃত্তই ঘৰৰ পিছফালে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে টিপুল ৰায়ক হত্যা কৰে আৰু কন্যা সন্তানক সাৱটি লৈ মাতৃ মৰমী ৰায়ে পলায়ন কৰিব খোজোতে বাহিৰতে হানি খুচি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। গাঁওবাসীয়ে প্ৰকাশ কৰা মতে আজি দুৰ্বৃত্তৰ আক্ৰমনত নিহত হোৱা পৰিয়ালটো সাধাৰণ শ্ৰমিক পৰিয়াল আছিল আৰু কাৰো সতে কোনোধৰণৰ সংঘাত নাছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।