হত্যাৰ ভাবুকিঃ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব জুবিন গাৰ্গ

 06/27/2019 - 13:46

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব  হাৰ্টথ্ৰব জুবিন গাৰ্গ। ২০১৭ চনৰ ২২ এপ্ৰিলত দুজন যুৱকে জুবিন গাৰ্গক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল।

জুবিনক হত্যাৰ ভাবুকিৰ গোচৰত হ’ব এই শুনানি। ২০১৭ চনৰ ২২ এপ্ৰিলত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলন অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত জুবিন গাৰ্গক ছচিয়েল মিডিয়াৰ জৰিয়তে 10মিটাৰ দূৰৰ পৰা 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱক ক্ৰমে টুলটুল বাগলাৰী ওৰফে কাই খাপলাং আৰু মুকুল গগৈ ওৰফে মুকুল আহোম শিৱসাগৰীয়াই।

ইয়াৰ পাছতে জুবিন গাৰ্গৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়াও কৰি তোলা হৈছিল। ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ চাঞ্চল্যৰ এই ঘটনাত জুবিন গাৰ্গে অৱশ্যে ল’ৰা দুজনক সৰু ল’ৰা নাজানি ভুল কৰিছে বুলি ক্ষমা কৰি মহানুভৱতাৰ পৰিচয় দিছিল। এই ঘটনাৰ এদিনৰ পাছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত SI দিপেন্দ্ৰ ছেত্ৰীয়ে ৰুজু কৰিছিল এক গোচৰ। GR 1298/17,12(B)387/506 নম্বৰৰ গোচৰত জুবিন গাৰ্গ সাক্ষী হিচাপে উপস্থিত হ’ব ডিব্ৰুগড় আদালতত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।