পুঠিমাৰি নৈত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

 06/27/2019 - 13:53

ৰঙিয়াঃ ৰঙিয়াৰ পুঠিমাৰি নৈত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ক’ৰ পৰা এই মৃতদেহটো উটি আহিল আৰু কোন লোকৰ এই মৃতদেহ সকলো বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত।ৰঙিয়াৰ ধুলাবড়ীৰ পুঠিমাৰী নৈত উটি যোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছে এই মৃতদেহটো।

নৈৰে উটি যোৱা অচিনাক্ত মৃতদেহটোৰ শৰীৰত আছে আঘাতৰ চিন। কোনোৱে হত্যা কৰি লোকজনক নৈত দলিয়ালে নে বাঢ়নী পানীত উটি আহিল এয়া এতিয়াও স্পষ্ট হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।