তীব্ৰ বিতৰ্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে পিন্ধিব গেৰুৱা ৰঙৰ জাৰ্চী!

 06/27/2019 - 14:11

ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে অহা ৩০ জুনত ইংলেণ্ডৰ বিৰুদ্ধে মেচত পিন্ধিব গেৰুৱা ৰঙৰ জাৰ্চী। যাকলৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক! গেৰুৱা ৰঙৰ জাৰ্চীকলৈ এতিয়া চলিছে বিতৰ্ক! এই বিষয়টোকলৈ বহুতে কৰিছে ৰাজনীতি! কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে বিষয়তো সন্দৰ্ভত মোদী চৰকাৰকে আওপকীয়াকৈ হলেও আক্ৰমণ কৰা দেখা গৈছে। ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে মেচত পিন্ধিবলগীয়া জাৰ্চীৰ ৰঙ গেৰুৱা নিৰ্বাচিত কৰাত আপত্তি দৰ্শাইছে ৰাজনৈতিক দল দুটাই। কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে উল্লেখ কৰিছে যে BCCI–এ কেন্দ্ৰীয় চৰকাৰক ভালৰি লগাবলৈকে গেৰুৱা ৰং নিৰ্বাচিত কৰিছে।

কিন্তু এই অভিযোগক একেমুখে নৎস্যাত কৰিছে বিজেপিয়ে। এই বিষয়ে এতিয়া মুখ খুলিছে আইচিচিয়ে। আইচিচিৰ এগৰাকী উচ্চপদস্থ বিষয়াই কয় যে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে কি ৰঙৰ জাৰ্চী পিন্ধিব সেইলৈ সিদ্ধান্ত লৈছিল আইচিচিয়ে। আৰু এই সম্পৰ্কত বিচিচিয়াইলৈ পত্ৰও প্ৰেৰণ কৰা হৈছিল। গতিকে সকলো বিষয়তে ৰাজনীতিকৰণ নকৰিবলৈ অনুৰোধ জনায় আইচিচিৰ বিষয়াগৰাকীয়ে। উল্লেখযোগ্য যে এতিয়ালৈকে ভাৰতৰ নতুন জাৰ্চীটো কেনেধৰণৰ হ’ব সেইয়া ৰাজহুৱা কৰা নাই। ছচিয়েল মিডিয়াত জাৰ্চীৰ বিভিন্ন ধৰণৰ ফটো এতিয়া শ্বেয়াৰ কৰা হৈছে।

কিন্তু আইচিচিৰ এই নতুন নিয়মৰ পিছত অহা ৩০ জুনত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ভাগ ল’বলগীয়া মেচখনত নীলাৰ পৰিৱৰ্তে গেৰুৱা ৰঙৰ জাৰ্চী পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আইচিচিৰ নতুন নিয়ম অনুসৰি ইংলেণ্ডক বাদ দি বিশ্বকাপত ভাগ লোৱা প্ৰতিটো দলেই বিশ্বকাপৰ মেচত দুটা ভিন্ন ৰঙৰ জাৰ্চী পিন্ধি খেলপথাৰত অৱতীৰ্ণ হ’ব লাগিব বুলি প্ৰকাশ পাইছে। ইতিমধ্যে বহুকেইটা দলক দুটা ভিন্নধৰণৰ জাৰ্চী পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হোৱা দেখা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।