মানকাচৰত কলেজীয়া ছাত্ৰী সন্ধানহীন

 06/27/2019 - 14:29

মানকাচৰঃ মানকাচৰৰ ঝাউডাংগা গাঁৱৰ পৰা ৰহস্যজনৰ ভাবে সন্ধানহীন হয় এগৰাকী যুৱতী। আজি পুৱা ৮.৩০ বজাত ঘৰৰ ওচৰৰ দোকানলৈ গৈ থকা অৱস্থাত ঘাইপথৰ পৰাই সন্ধানহীন হয় যুৱতীগৰাকী। ঝাউডাংগা গাঁৱৰ জুবাইদা মণ্ডল নামৰ সন্ধানহীন যুৱতীগৰাকী মানকাচৰ কলেজৰ বি এ চূড়ান্ত বৰ্ষৰ ছাত্ৰী।

ইতিমধ্যে পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জিলাখনৰ লগতে মেঘালয়ৰ গাৰো পাহাৰ, গোৱালপাৰা জিলাতো সন্ধানহীন যুৱতীগৰাকীৰ সন্ধানৰ চেষ্টা চলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।