চিত্রশিল্পী ৰাজীৱ দাসলৈ "ৰাষ্ট্ৰীয় অ'নাৰ আৰ্টিষ্ট বঁটা" প্ৰদান

 06/27/2019 - 14:43

নগাঁওঃ নগাঁৱৰ অগ্ৰণী চিত্র ভাস্কৰ্য্য প্ৰতিষ্ঠান আনুপূৰ্ব্বিক চিত্র ভাস্কৰ্য্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসলৈ "ৰাষ্ট্ৰীয় অ'নাৰ আৰ্টিষ্ট বঁটা ২০১৯" প্ৰদান কৰা হয়। যোৱা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট চিত্রশিল্পী ৰবিবৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় সাহিত্যকাৰ সংসদ নামৰ সংগঠনটোৱে বিহাৰৰ সমস্তিপুৰ জিলাৰ দুৰ্গাবাড়ী প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজীৱ দাসক মানপত্র, মেমেণ্টোচ, শ্বল, কিতাপৰ টোপোলা আৰু বিভিন্ন উপহাৰেৰে এই সন্মান দিয়া হয়।

দেশৰ পাঞ্জাৱ, কৰ্ণাটক, কলিকতা, ঝাড়খণ্ড, মুম্বাই আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দিশত পাৰদৰ্শিতা দেখুওৱা মুঠ ৩০ জন ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। সেই উপলক্ষে নগাঁৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে মঙলবাৰে তেওঁক ফুলাম গামোছা, জাপি, শৰাই, মানপত্র আদিৰে অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে নগাঁও চহৰৰ পানীগাঁও নেতাজী ৰোড নিৱাসী তথা চহৰৰ অগ্ৰণী চিত্র ভাস্কৰ্য্য অনুষ্ঠান আনুপূৰ্ব্বিক চিত্র ভাস্কৰ্য্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে চিত্র ভাস্কৰ্য্যৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।