বিশ্বকাপৰ বা-বতৰা

 06/27/2019 - 14:46

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯-ৰ ৩৩ সংখ্যক মেচত পাকিস্তানৰ হাতত পৰাস্ত হৈছে নিউজিলেণ্ড৷ নিউজিলেণ্ডে ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৩৭ ৰান৷ পাকিস্তানে ৪৯.১ অভাৰত ৪টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰি বুধবাৰৰ মেচখনত জয়ী হয়৷

উল্লেখ্য যে পাকিস্তানে নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে৷ পাকিস্তানৰ বাবৰ আজমে ১২৭ টা বলত ১০১ ৰান সংগ্ৰহ কৰি মেন অৱ দ্য মেচ হয়৷

আজি বিশ্বকাপ ক্ৰিকেটৰ ৩৪ সংখ্যক মেচ ভাৰত বনাম ৱেষ্ট ইণ্ডিজ৷ এই মেচ অনুষ্ঠিত হ’ব বিয়লি ৩ বজাৰ পৰা মানচেষ্টাৰ অল্ড ট্ৰেফ’ৰ্ড খেলপথাৰত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।